27 C
Guwahati
Monday, September 20, 2021
More

    ৰঙালীৰ পাৰ ভঙা উচাহ, আত্মীয়ক বিহুৱান প্ৰদানেৰে বগাহৰ পহিলা দিনটোত মানুহ বিহু উদযাপন

    ৰঙালীৰ পাৰ ভঙা উচাহ, আত্মীয়ক বিহুৱান প্ৰদানেৰে বগাহৰ পহিলা দিনটোত মানুহ বিহু উদযাপন

    আজি পহিলা বহাগ, ৰাজ্যৰ চৌদিশে অসমীয়া সকল ব্যস্ত বিহু উদযাপনত। সকলোৰে মাজত ৰঙালীৰ পাৰ ভঙা উচাহ। আত্মীয়ক বিহুৱান প্ৰদানেৰে বগাহৰ পহিলা দিনটোত মানুহ বিহু উদযাপন অসমীয়াৰ।

    চ’তৰ ৩১ তাৰিখে গৰু বিহু উদ্যাপনৰ পাছদিনা বহাগৰ ১ তাৰিখে মানুহ বিহু উদযাপন কৰা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। আৰু আত্মীয় সকলে বিহুৰ উপহাৰ হিচাপে বিহুৱান দিয়ে । এই উপহাৰ বিশেষকৈ অসমীয়াৰ মান গামোচাখন প্ৰধান।

    যিহেতু অসমীয়া বছৰ বহাগ মাহৰ পৰা আৰম্ভ সেয়ে নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচাৰ লগতে নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়।

    ‘বিহুৱান’ উপহাৰ বিশেষ এই মানুহ বিহুত ডেকা গাভৰু সকলে ঘৰে ঘৰে গৈ বিহু মাৰে। নামনি অসমত আজিৰ দিনটোক অর্থাৎ মানুহ বিহুক ‘বৰ দোমাহী’ বোলা হয়।

    ব’হাগ বিহু সাধাৰণতে গৰু বিহু আৰু মানুহৰ বিহুৰ বাহিৰে চ’তৰ সংক্ৰান্তি, ৩১ তাৰিখৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন বিহু পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে।

    1. গৰু বিহু,
    2. মানুহ বিহু,
    3. গোসাঁই বিহু,
    4. তাঁতৰ বিহু,
    5. নাঙলৰ বিহু,
    6. জীয়ৰী বা চেনেহী বিহু আৰু
    7. চেৰা বিহু।

    আৰু পঢ়ক : বিহুৰ উছাহৰ মাজতে ডিমৌত হৃদয় বিদাৰক পথ দুৰ্ঘটনাঃ সময়ত নাপালেহি এম্বুলেঞ্চ, থিতাতে মৃত্যু দুজনৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং