33 C
Guwahati
Tuesday, September 27, 2022
More

    ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ্ব দলত স্থান লাভ প্ৰাক্তন বেগী বলাৰ আৰ পি সিঙৰ পুত্ৰৰ

    ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ্ব দলত নিৰ্বাচিত হৈছে ভাৰতীয় প্ৰাক্তন বেগী বলাৰ আৰ পি সিং ছিনিয়ৰৰ পুত্ৰ হেৰী সিং।

    উল্লেখ্য যে আৰ পি সিং ছিনিয়ৰে ভাৰতৰ হৈ দুখন এদিনীয়া মেচ খেলিছিল।

    কেৱল এয়াই নহয়, ৰুদ্ৰ প্ৰতাপ সিং ছিনিয়ৰে প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ৫৯ খন মেচ খেলি এই সময়ছোৱাত ১৫০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। লিষ্ট এ ক্ৰিকেটত ছিনিয়ৰে সংগ্ৰহ কৰিছিল ২৬টা উইকেট।

    আৰ পি সিং ছিনিয়ৰে ১৯৮৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাইছিল। ১৯৮৬ চনত ৰাজকোটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষৰখন এদিনীয়া মেচ খেলিছিল ছিনিয়ৰে।

    আৰ পি সিং এগৰাকী বলাৰ আছিল যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল।

    উল্লেখ্য যে ৯০ৰ দশকত আৰ পি সিং ছিনিয়ৰ ইংলেণ্ডলৈ গুচি গৈছিল, য’ত তেওঁ লংকাশ্বায়াৰ কাউন্টি ক্লাব আৰু ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডতো প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছে।

    এই সুবাদতে তেওঁৰ পুত্ৰই লংকাশ্বায়াৰৰ হৈ অনূৰ্ধ্ব-১৯ ক্ৰিকেট খেলিবলৈ সক্ষম হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং