চ’তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা- বিহুলৈ মাজত মাথো এটা দিন, পিছে এফালে কৰ’ণা

0
213
বিহুৰ বন্ধ ঘোষণা কৰিলে কেন্দ্ৰই! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ১৫ এপ্ৰিলত বিহুৰ বন্ধ

চ’তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা- বিহুলৈ মাজত মাথো এটা দিন, পিছে এফালে কৰ’ণা

চ’তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা… কৈ থাকো মানে ওৰকে নপৰে, ৰঙালী বিহুৰে কথা- চাওতে চাওতে দুটা বছৰৰ মূৰত অসমীয়াই উদযাপন কৰিবলৈ গৈ আছে বাপতি সাহোন ৰঙালী বিহুটি। পিছে এইবাৰো সমুখত দেখা দিছে কৰ’ণাৰ ভাইৰাছে। পিছে বিগত বৰ্ষত বিহু উদযাপন কৰিবলৈ নোপোৱা অসমীয়াসকলে এইবাৰ যেন বিহু পালন কৰি হে এৰিব, বিহু কমিটি সকলো এই ক্ষেত্ৰত নাচোৰবান্দা।

বুধবাৰৰ পৰা আৰম্ভ হব লগা গৰু বিহুৰ দিনটোলৈ আজিৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। গৰু থকা সকলৰ ঘৰত নতুন পঘা বৈছে ঘৰৰ গৃহস্থই। লাও বেঙেনাৰ যোগাৰো কৰিছে। ডেকা গাভৰু সকলেও ঢোলৰ চেও আৰু কঁকালৰ ভাজ অধিক নিপুন কৰি তুলিছে। সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাইছে বিহুলৈ।

ডেকা সকলৰ মুখত এতিয়া শুনিবলৈ পোৱা গৈছে- ‘বিহুলৈ কেইদিন আছে সমনীয়া বিহুলৈ কেইদিন আছে; উজনি নামনি মাৰোঁ কেওখিনি বিহুলৈ মাথো এটা দিন আছে।’

কিন্তু তথাপি কিছু চিন্তিত হৈ আছে অসমবাসী। বাটতে যেন কৰণা ৰৈ আছে। ইতিমধ্যে বহু লোক আক্ৰান্ত হৈছে কৰণাত। নিতৌ বাঢ়ি গৈ আছে কৰণা আক্ৰান্ত লোকৰ সংখ্যা। অসমত আকৌ ৩৫২জনৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২০৩১০জনলৈ পাইছে বৃদ্ধি।

যাৰ বাবে ৰাজ্য চৰকাৰে বিহু কমিটি সকললৈ বিহু উদযাপন সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে। নিশা ১১ বজাৰ পিছত বিহু অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ। লগতে আছে কভিড প্ৰটকল। জুবিন , পাপন হতে এই ক্ষেত্ৰত সহাৰী জনালেও বিহু কমিটি সকলে কিছু অমান্তি হৈছে সকলো নিৰ্দেশনা পালন কৰিবলৈ।

আনহাতে দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰাৰ লগতে নৈশ সান্ধ্য আইন বা নৈশ লকডাউনো ঘোষণা কৰিছে। লগতে সাপ্তাহিক লকডাউনো ঘোষণা কৰিছে। অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানলৈ ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। কেৱল সাধাৰণ ৰাইজক মাস্ক পৰিধানৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে।

১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা আৰু ১৪ এপ্ৰিললৈ চলিব লগা টীকা উৎসৱ সফল কৰাৰ বাবে যথোচিত পদক্ষেপ লবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে এই টীকা উৎসৱত সহযোগিতা আগবঢ়াবৰ বাবেও আহ্বান জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে।

আৰু পঢ়ক : কভিড পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল