33 C
Guwahati
Tuesday, September 27, 2022
More

    কিয়াৰা আদৱানীৰ পৰা তাপসি পান্নুলৈ: বলীউড অভিনেত্ৰীৰ গৰমৰ দিনৰ ফেশ্বন

    কিয়াৰা আদৱানীৰ পৰা তাপসি পান্নুলৈ: বলীউড অভিনেত্ৰীৰ গৰমৰ দিনৰ ফেশ্বন-

    বৰ্তমানে গৰমৰ বতৰ। সকলোৱে এই হৰমৰ সময়ত এযোৰ গা শীতল কৰি ৰাখিব পৰা সাজ পৰিধানত অধিক গুৰুত্ব দিয়ে। বা এনে সাজ নিৰ্বাচন কৰে যি সাজ পৰিধান কৰিলে অধিক গৰম নালাগে।

    বলীউডৰ তাৰকাসকলেও এই গৰমৰ সময়ত কামৰ বাবে চাৰিওফালে ঘূৰি ফুৰাৰ সময়তো নিজৰ ফেশ্বন বৰ্তাই ৰাখিছে। যি ফেশ্বনৰ লগতে গৰমতো এতি আৰামদায়ক।

    যি সাজ অত্যন্ত ফেশ্বনেবল আৰু আকৰ্ষণীয় দেখা গৈছিল। তাৰেইমাজত আছে এই সকল তাৰকা-

    কিয়াৰা আদৱানীয়ে পাতল সেউজীয়া ৰঙৰ পোছাকৰ সৈতে ইয়াক একেবাৰে সাধাৰণ কৰি ৰখাৰ লগতে অতি আৰামদায়ত আৰু ফেশ্বনেবলো কৰি ৰাখিছে।

    অভিনেত্ৰীগৰাকীয়ে সেউজীয়া ৰঙৰ হাত নথকা চাৰ্ট আৰু পেণ্ট পিন্ধিছিল। লেডাৰৰ জোতাৰ সৈতে বগা ৰঙৰ নেইল পেইণ্টে ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছিল।

    কেদাৰনাথ ছবিত কাম কৰি জনপ্ৰিয় হোৱা অভিনেত্ৰী ছাৰা আলী খানে এই গৰমৰ দিন কেইটা নিজক সজাই পৰাই ৰাখিছে।

    এটা সাধাৰণ বগা চাৰ্টৰ সৈতে ডেনিম চৰ্টছৰ সৈতে দেখনিয়াৰ লাগিছিল ছাৰাক। এই গৰম উপযোগি সাজৰ লগত পিন্ধিছিল এযোৰ স্পোৰ্ট জোতা।

    তমন্না ভাটিয়াও কোনো কম নহয় এই ক্ষেত্ৰত । একেবাৰে সাধাৰণ সাজতো সুন্দৰ দেখা হৈছিল অভিনেত্ৰীগৰাকীক।

    গাঢ় নীলা বেগী ডেনিম জিন্সৰ সৈতে এটা উজ্জ্বল কমলা টি-চাৰ্ট পিন্ধি কামলৈ গৈছিল তমন্না। যদিও এই সাজ একেবাৰে সাধাৰণ আছিল, তথাপি ফেশ্বনেবল আছিল। যি ফেশ্বন কেৰী কৰাৰ লগতে সৌন্দৰ্যও অটুত ৰাখিবলৈ সক্ষম হৈছিল।

    তাপসি পান্নুও পিছ পৰি ৰোৱা নাই এই ক্ষেত্ৰত। কটনৰ ক্ৰপ টপ আৰু কো-অৰ্ড বেল বটমৰ সৈতে, অভিনেত্ৰীগৰাকীক একেবাৰে সাধাৰণ আৰু সুন্দৰ দেখাইছিল।

    তাপসিয়ে নীলা কাপোৰত ডাঙৰ ডাঙৰ সেইজীয়া আউট লাইন থকা বগা ফুলৰ সাজ পৰিধান কৰিছিল। ইয়াৰ লগত মিলাইছিল এযোৰ কলা ছেণ্ডেল আৰু হাতত ৰূপালী ব্ৰেচলেট ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং