33 C
Guwahati
Monday, September 26, 2022
More

    খেল পথাৰতে দিনেশ কাৰ্তিকৰ ওপৰত ক্ৰোধান্বিত হৈ ডিঙিত চেপা মাৰি ধৰিলে ৰোহিত শৰ্মাই…

    খেল পথাৰতে দিনেশ কাৰ্তিকৰ ওপৰত ক্ৰোধান্বিত হৈ ডিঙিত চেপা মাৰি ধৰিলে ৰোহিত শৰ্মাই…লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিস সেই সময়ৰ দৃশ্য। অৱশ্যে পাছত সামাজিক মাধ্যমৰ পৰা গুচাই দিয়া হয় সেই দৃশ্য।

    ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কালি মোহালিত অনুষ্ঠিত হৈছিল।

    প্ৰথমে বেটিং কৰি ৰোহিত শৰ্মাৰ অধিনায়কতাত ভাৰতীয় দলে ৬ উইকেটত ২০৮ ৰাণৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে। পাছে, এই স্কৰ স্বত্বেও ভাৰতে এই খেলত পৰাজয় বৰণ কৰে

    বলাৰ সকলৰ হতাশাজনক প্ৰদৰ্শনৰ বাবেই বৰাজয়ৰ মুখ দেখে ভাৰতে। কেৱল অক্ষৰ পেটেলে সন্মান ৰাখে বলাৰৰ। সেই খেলতেই এক এনে সময় আহে যি ঘটনা এতিয়া চাৰিওফালে চৰ্চিত।

    কালিৰ খেলখনত ঋষভ পন্টৰ ঠাইত দিনেশ কাৰ্তিক খেলিবলৈ সুযোগ দিয়া হৈছিল। কিন্তু সেই খেলতেই দিনেশ কাৰ্তিকে কৰে এটাৰ পাছত এটাকৈ তিনিটা ভুল। যি ভুলৰ বাবেই একপ্ৰকাৰ পৰাজয় বৰণ কৰে ভাৰতীয় দলে।

    তাৰোপৰি দিনেশৰ সেই ভুল দেখি খঙত অগ্নিশৰ্মা হৈ পৰে ৰোহিত। আৰু খেলপথাৰতেই দিনেশৰ কাষলৈ গৈ ডিঙিত ধৰে।

    ঘটনা অনুসৰি, অক্ষৰ পেটেলে অধিনায়ক এৰন ফিঞ্চক আউট কৰাই পেভিলিয়নলৈ পঠিয়াইছিল। ইয়াৰ পিছত, য়জুবেন্দ্ৰ চহলে ষ্টিভ স্মিথক আউট কৰাৰ চেষ্টা কৰে।

    কিন্তু উইকেট কিপাৰ হিচাপে দিনেশ কাৰ্তিকে এই উইকেটৰ বাবে কোনো আপিল নকৰে। কেৱল সিমানেই নহয়, উমেশ যাদৱৰো এটা বলত আউটৰ বাবে আপীল নকৰে কাৰ্তিকে। লগতে চহলৰ অভাৰত এটা এলবিডব্লিউ কৰাৰ সিদ্ধান্ত লোৱা নাছিল ।

    এটাৰ পিছত এটাকৈ তিনিটা ভুল কৰাৰ পিছত, ৰোহিতে কাৰ্তিকৰ ওপৰত খং কৰি তেওঁৰ ডিঙিটো ধৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং