
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়া মেচত বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
এদিনীয়া ক্ৰিকেটত ৰোহিতৰ বেটেৰে প্ৰায় ১১০১ দিনৰ মূৰত আহে এই শতকটো। এইটো তেওঁৰ এদিনীয়া কেৰিয়াৰৰ ৩০ সংখ্যাক শতক। ইয়াৰ পূৰ্বে ২০২০ চনৰ ১৯ জানুৱাৰিৰ দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত অন্তিমটো শতক অৰ্জন কৰিছিল।
২৯ আৰু ৩০ সংখ্যক শতকৰ বাবে ৰোহিতে ১৭টা ইনিংছৰ অপেক্ষা কৰিবলগীয়া হয়।
আজি নিউজিলেণ্ডৰ বিৰুদ্ধে ৮৫টা বলত ১০১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ইনিংছটোত আছিল ৬টা ছয় আৰু ৯টা চাৰি।
আজিৰ এই শতকটোৰ জৰিয়তে ৰোহিতে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত তৃতীয় স্থানত উপনীত হয়।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন অধিনায়ক ৰিকি পণ্টিঙে ৩৭৫ খন এদিনীয়া মেচত ৩০টা শতক অৰ্জন কৰিছিল আৰু ৰোহিতে সমসংখ্যক শতক মাত্ৰ ২৪১খন মেচতে অৰ্জন কৰে।
এদিনীয়াত সৰ্বাধিক ৪৯টা শতক অৰ্জনৰ অভিলেখ আছে শচীন তেণ্ডুলকাৰৰ নামত। এই তালিকাত ৪৬টা শতকেৰে দ্বিতীয় স্থানত আছে বিৰাট কোহলী।
সম্প্ৰতি এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ শীৰ্ষ তিনিওটা স্থানত ভাৰতৰে তিনিজন খেলুৱৈয়ে স্থান দখল কৰি থকা বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে।
এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকা
৪৬৩ মেচত ৪৯টা শতক (শচীন তেণ্ডুলকাৰ)
২৭১খন মেচত ৪৬টা শতক (বিৰাট কোহলী)
২৪১খন মেচত ৩০টা শতক (ৰোহিত শৰ্মা)
৩৭৫খন মেচত ৩০টা শতক (ৰিকি পণ্টিং)
৪৪৫খন মেচত ২৮টা শতক (ছনথ জয়সূৰ্যা)