আন এক কৃতিত্ব ৰোহিত শৰ্মাৰ; ভংগ কৰিলে ধোনীৰ এক বিশেষ অভিলেখ

0
6629
ৰোহিত শৰ্মাৰ হাতত ভাৰতীয় টি-২০ দলৰ নেতৃত্ব, তিনিজন নতুনক সুযোগ দলত

আজিৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই।

ভাৰতৰ মাটিত এদিনীয়া খেলত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত। ৰোহিতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ধোনীৰ অভিলেখ ভংগ কৰিছে।

ভাৰতত এদিনীয়া মেচত এতিয়া ৰোহিতৰ নামত ১২৫টা আৰু ধোনীৰ নামত আছে ১২৩টা ছয়।

উল্লেখ্য যে প্ৰথমখন এদিনীয়াত ৩৪ ৰান সংগ্ৰহ কৰি ৰোহিত আউট হয়।

ভাৰতীয় মাটিত এদিনীয়াত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন

ৰোহিত শৰ্মা ১২৫

ধোনী ১২৩

শচীন টেণ্ডুলকাৰ ৭১

যুৱৰাজ সিং ৬৫

ইয়াৰ সমান্তৰালকৈ ৰোহিতে এদিনীয়াত ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত এডাম গিলক্ৰিষ্টক অতিক্ৰম কৰিছে। এদিনীয়াত গিলক্ৰিষ্টে ৯৬১৯ ৰান সংগ্ৰহ কৰিছিল। ৰোহিতে আজি তেওঁৰ অভিলেখ ভংগ কৰি এতিয়ালৈকে এদিনীয়াত মুঠ ৯৬৩০ ৰান সংগ্ৰহ কৰিছে।