‘ইলেকছনত নুঠো, নুঠো, নুঠো, নুঠো; ভয়তে কঁপিছা তুমি’- হিমন্ত বিশ্ব শৰ্মাক গীতেৰে কটাক্ষ ৰকিবুল হুছেইনৰ

আমি কাৰোবাৰ লগত মিত্ৰজোঁট কৰিব খুজিছো তাত বিজেপি ইমান কঁপিছে কিয়।'- এই মন্তব্যৰে বিজেপিক সমালোচনা ৰকিবুল হুছেইনৰ

0
266

নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া ক্ৰমাত্‍ তীব্ৰতৰ হৈছে বিজেপি আৰু কংগ্ৰেছৰ বাকযুদ্ধ।

দিনে দিনে বাঢ়িছে নেতাৰ মুখ চুপতি। এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গীতেৰে কটাক্ষ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।

সোমবাৰে তেজপুৰ পুথিভঁৰাল অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ৰিপুন বৰাৰ লগতে বহু কংগ্ৰেছ কৰ্মী।

এই অনুষ্ঠানত বিজেপি দলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে পাঁচ শতাধিক ৰাইজে দলটোত যোগদান কৰে।

‘আমি কাৰোবাৰ লগত মিত্ৰজোঁট কৰিব খুজিছো তাত বিজেপি ইমান কঁপিছে কিয়।’- এই মন্তব্যৰে বিজেপিক সমালোচনা ৰকিবুল হুছেইনৰ।

আমাৰ একো হোৱাই নাই। এইকেইটা দিনৰ ভিতৰতে আমাৰ বিভিন্ন জনজাতীয় লোকৰ সৈতে আমাৰ কথা-বতৰা হৈছে।

দল হিচাপে, সংগঠন হিচাপে কংগ্ৰেছত তেওঁলোকে অংশগ্ৰহণ কৰিব।

‘এবাৰ তেওঁলোকে ‘কা’ আনিলে। কা আনি অসমীয়াৰ মনত আঘাত হানিলে।

৫টা ডেকা যুৱকক গুলীয়াই মাৰিলে।’- বিজেপিক কটাক্ষ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

কথাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক লৈ ৰকিবুল হুছেইনে গীতো আওৰালে। জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ গীত ‘পেডেল পেডেল মাৰি’ গীতটোৰ সুৰতে বন্ধু বুলি কৈ গীতেৰে কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক।

ইলেকছনত নুঠো, নুঠো, নুঠো, নুঠো
ভয়তে কঁপিছা তুমি
কলিজা ধিপিচ, ধিপিচ, ধিপিচ, ধিপিচ
ভয়তে পলাই ছ তুমি

‘মুখ্যমন্ত্ৰী হোৱাৰ বাবে সংস্কৃতিবান হ’ব লাগিব।

জনতাইহে ঠিৰাং কৰিব মুখ্যমন্ত্ৰী কোন হ’ব। বিচাৰিলে মুখ্যমন্ত্ৰী হ’ব নোৱাৰি।’- মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভতো মন্তব্য ৰকিবুল হুছেইনৰ।

‘বিজেপি দল এতিয়া এখন ডুব যোৱা নাও’- ইফালে বিজেপিক লৈ ৰিপুন বৰাৰো সমালোচনামূলক মন্তব্য।

২০২১ চনত কংগ্ৰেছ চৰকাৰ আহিলে ৰাইজৰ তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰিব কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই।

কংগ্ৰছে চৰকাৰ গঠন কৰিলে মাইক্ৰ’ ফাইনেঞ্চৰ বাবে গাঁৱৰ মহিলাসকলৰ যি সমস্যা আছে সেই সমস্যা সমাধান কৰিব।

কা আন্দোলনত ফলত যিসকল লোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণকৰিছে তাৰ পৰা মুক্ত কৰা হ’ব।

আনহাতে কৃষকৰ ঋণ ক্ষমা কৰি দিয়া হ’ব।

Photo: Time8