ভয়ংকৰ ঘটনা ! আৰক্ষী থানালৈ লক্ষ্য কৰি ৰকেট লাঞ্চাৰ নিক্ষেপ

0
111

ভয়ংকৰ ঘটনা ! আৰক্ষী থানালৈ লক্ষ্য কৰি ৰকেট লাঞ্চাৰ নিক্ষেপ

পঞ্জাৱৰ তৰনতাৰণ জিলাৰ এখন আৰক্ষী চকীত এটা ৰকেট লাঞ্চাৰ আক্ৰমণ সংঘটিত হৈছে। তথ্য অনুসৰি,এই আক্ৰমণৰ ফলত আৰক্ষী থানাখন সামান্য ক্ষতিগ্ৰস্ত হৈছে। আক্ৰমণটো নিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল।

জানিব পৰা মতে আৰক্ষী থানালৈ লক্ষ্য কৰি এটা ৰকেট লঞ্চাৰেৰে আক্ৰমণ কৰা হৈছিল। আক্ৰমণটোত থানাখনৰ খিৰিকিৰ কাঁচবোৰ ভাঙি গৈছিল। অৱশ্যে, আক্ৰমণটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। তৰণতাৰণক পঞ্জাৱৰ এখন অতি সংবেদনশীল জিলা বুলি গণ্য কৰা হয়।

এই আক্ৰমণে অঞ্চলটোত এক আলোড়নৰ সৃষ্টি কৰিছিল। বিষয়টো তদন্তৰ অধীনত আছে।চলিত বৰ্ষৰ মে মাহৰ আৰম্ভণিতো মোহালিৰ পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা শাখাৰ মুখ্য কাৰ্যালয়ত ৰকেটৰে আক্ৰমণ কৰা হৈছিল।

আক্ৰমণটোৱে মোহালিৰ চেক্টৰ ৭৭-ত থকা চোৰাংচোৱা শাখাৰ মুখ্য কাৰ্যালয়ৰ এটা মহলা লক্ষ্য কৰি লৈছিল।