ষ্টাৰ্টআপ মিছনৰ অসাধাৰণ পদক্ষেপ, ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ ৰৱটৰ

এই ৰৱট দুটাই ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰাৰ লগতে এই ভাইৰাছৰ কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়েও সৱিশেষ জনায়

0
43

কৰ’ণা ভাইৰাছে চীনসহ সমগ্ৰ বিশ্বতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। যাৰ বাবে এতিয়া কৰ’ণাৰ পৰা বিয়পি থকা ৰোগক আন্তঃৰাষ্ট্ৰীয় মহামাৰীৰূপে ঘোষণা কৰা হৈছে। এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশসমূহে নিজৰ ফালৰ পৰা যিমান পাৰে চেষ্টা চলাই আছে।

কৰ’ণা ভাইৰাছৰ পৰা সতৰ্ক হ’বলৈ মানুহৰ লগতে এতিয়া ৰৱটো হাতে-কামে লাগি গৈছে। কেৰালাৰ এটা নতুন ষ্টাৰ্টআপে নতুন পদক্ষেপ আৰম্ভ কৰিছে। কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ ২টা ৰৱটে ৰাইজক সতৰ্ক কৰিছে।

এই ৰৱট দুটাই ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰাৰ লগতে এই ভাইৰাছৰ কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়েও সৱিশেষ জনায়। প্ৰ’গাম এছিমোভ ৰৱোটিক্সৰ দ্বাৰা এই ৰৱট দুটাক সঞ্চালন কৰা হৈছে। ৰৱট দুটাৰ ভিতৰত এটা ৰৱটে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক, ছেনিটাইজাৰ আৰু নেপকিন বিতৰণ কৰে আনহাতে দ্বিতীয়খন স্ক্ৰীণত এই ভাইৰাছ বিয়পাত বাধা প্ৰদান কৰিবৰ বাবে সৱিশেষ জনোৱা হয়।

Photo credit: www.patrika.com