তিনিচুকীয়াত পেট্ৰ’ল পাম্পত চাঞ্চ্যলকৰ ডকাইতি কাণ্ড, ৩ অস্ত্ৰধাৰীয়ে গুলিচালনাও কৰে পাম্পটোলৈ

0
56

নিশা তিনিচুকীয়াৰ লাইপুলিত চাঞ্চ্যলকৰ ডকাইতি কাণ্ড । পেট্ৰ’ল পাম্পত চাঞ্চ্যলকৰ ডকাইতি কাণ্ড, ৩ অস্ত্ৰধাৰীয়ে গুলিচালনাও কৰে পাম্পটোলৈ লক্ষ্য কৰি।

মদন মোহন জয় প্ৰকাশ নামৰ পেট্ৰ’ল পাম্পটোত সংঘটিত হয় এই ঘটনাটো। নিশা প্ৰায় ১০.৩০ বজাত তিনিজনীয়া এটা ডকাইতৰ দলে হাতত মাৰণাস্ত্ৰ লৈ পেট্ৰ’ল পাম্পটোত প্ৰৱেশ কৰিছিল।

অস্ত্ৰধাৰী দলটোৱে পেট্ৰ’ল পাম্পটোলৈ লক্ষ্য কৰি গুলিচালনা কৰিছিল। কিন্তু সৌভাগ্য ক্ৰমে ৰক্ষা পৰে পেট্ৰ’ল পাম্পটো।

পাম্পটোত থকা নগদ প্ৰায় তিনি লাখ টকা লৈ উধাও হোৱাৰ লগতে পাম্পটোৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

Photo Credit: @keshab-mahanta