মাত্ৰ ১৮ ছেকেণ্ডতে চোৰে চাফা কৰি থৈ গ’ল ফ্লিপকাৰ্টৰ গুদাম

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক শগুন গৌতমে ক'লে যে ৯.৪৫ বজাত আমি তথ্য লাভ কৰো যে ফ্লিপকাৰ্টৰ গুদামত লুটপাত হৈছে

0
30824

উত্তৰপ্ৰদেশৰ ৰামপুৰত ফ্লিপকাৰ্টৰ গুদামত লাখ টকাৰ ডকাইতৰ ঘটনা সংঘটিত হয়।

গুদামত ৫জন যুৱকে পিষ্টল লৈ আহে আৰু মাত্ৰ ১৮ ছেকেণ্ডতে সকলো লুটি পলায়ন কৰে।

লুটৰ পিছত আশে-পাশে থকা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি হয়। লুটৰ ঘটনা CCTV কেমেৰাত বন্দী হয়। আৰক্ষীয়ে শীঘ্ৰে এই ডকাইতিৰ ঘটনা খোলোছা কৰিব বুলি মন্তব্য প্ৰদান কৰিছে।

এই ঘটনা ৰামপুৰৰ কোটবালী ছিভিল লাইঞ্চ থানা অঞ্চলৰ আগাপুৰ ৰোডস্থিত লোহিয়া পাৰ্কৰ সন্মুখত থকা ফ্লিপকাৰ্ট গুদামত সংঘটিত হয়।

শনিবাৰে নিশা গুদামত ডেলিভাৰী কৰা ল’ৰাই কাম কৰি আছিল।

সেই সময়তে ৫জন যুৱক পিষ্টল লৈ আহি তাত উপস্থিত হয়।

আটাইকেইজন যুৱকৰে মুখ কাপোৰেৰে ঢকা আছিল। মাত্ৰ ১৮ ছেকেণ্ডতে পিষ্টল দেখুৱাই লাখ টকাৰ সামগ্ৰী লুটি পলায়ন কৰে।

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই আৰক্ষী অধীক্ষক সম্পূৰ্ণ দলেবলে ঘটনাস্থলীত উপস্থিত হয়।

তাত উপস্থিত হৈ গুদামটোত কৰ্মৰত কৰ্মীসকলৰ সৈতে কথা-বতৰা পাতে আৰু ঘটনাটোৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰে।

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক শগুন গৌতমে ক’লে যে ৯.৪৫ বজাত আমি তথ্য লাভ কৰো যে ফ্লিপকাৰ্টৰ গুদামত লুটপাত হৈছে।

এওঁলোকৰ এটা খুলি থকা কাৰ্ড বৰ্ডৰ বাকচ আছে য’ত ডেলিভাৰী ল’ৰাবিলাকে কেছ অন ডেলিভাৰীৰ টকা ৰাখি থয়।

লগতে তেওঁ ক’লে যে ঠিক সেই সময়তে বাইকেৰে কেইজনমান যুৱক ফ্লিপকাৰ্ট গুদামত আহে আৰু বাকচটো উঠাই লৈ যায়।

Photo Credit: AAJ TAK