কামপুৰ শাখাৰ ক্ষেত্ৰ বিষয়াৰ পৰা পিষ্টল-খুকুৰী দেখুৱাই লুটি নিলে ২.৫৮ লাখ টকা

মাইক্ৰ'ফাইনেঞ্চ কোম্পানিটোৰ মাহিলি কিস্তিৰ ধন আছিল টকা খিনি

0
86

নগাঁৱৰ কচুৱাৰ ৰাঙলুবস্তীত দিন ডকাইতিৰ ঘটনা। ২ লাখ ৫৮ হাজাৰ টকা লুট কৰে ডকাইতৰ দলটোৱে। L&T ফাইনাঞ্চিয়েল চাৰ্ভিচেচৰ কামপুৰ শাখাৰ ক্ষেত্ৰ বিষয়া অৰবিন্দ বৰাৰ পৰা লুটি নিয়ে এই ধন। তিনিজন দুবৃত্তই পিষ্টল আৰু খুকুৰী দেখুৱাই কাঢ়ি নিয়ে ধন খিনি।

মাইক্ৰ’ফাইনেঞ্চ কোম্পানিটোৰ মাহিলি কিস্তিৰ ধন আছিল টকা খিনি। অৰবিন্দ বৰাই লংজাপ পদুমনি গাঁৱৰ পৰা কিস্তিৰ ধন সংগ্ৰহ কৰি ওভতাৰ পথত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে নগাওঁ জিলাৰ উপ-আৰক্ষী অধিক্ষক ঘটনাস্থলিত উপস্থিত হৈ কচুৱা আৰক্ষীৰ সহযোগত ঘটনাৰ তদন্ত চলাইছে। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কেইবাজনকো আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে।

Photo Credit: @rupjyotibhuyan