28.3 C
Guwahati
Thursday, October 14, 2021
More

    ভয়ংকৰ দুৰ্ঘটনা; মাৰুতিৰ খুন্দাত প্ৰাণ হেৰুৱালে ৫৫ বছৰীয়া হলধৰ দাসে

    ভয়ংকৰ দুৰ্ঘটনা; মাৰুতিৰ খুন্দাত প্ৰাণ হেৰুৱালে ৫৫ বছৰীয়া হলধৰ দাসে

    আজি সন্ধিয়া তামুলপুৰ-নাগ্ৰীজুলি পথৰ কচুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৰামেচুবুৰী গাঁও নিবাসী তথা ৰামেচুবুৰী হাইস্কুলৰ নিম্ন বৰ্গৰ সহায়ক ৫৫ বছৰীয়া হলধৰ দাসৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়।

    আহত যুৱকজন হৈছে হলধৰ দাসৰ ভতিজা ১৮ বছৰীয়া ছাত্র চিৰঞ্জীৱ দাস।

    জানিব পৰা মতে, হলধৰ দাস আৰু চিৰঞ্জীৱ দাসে তামুলপুৰৰ পৰা বাইকেৰে নিজ গৃহ অভিমুখে আহি আছিল।

    সেই সময়তে তামুলপুৰ-নাগ্ৰীজুলি পথৰ কচুবাৰী চকত বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০১ বি পি ৬৬৭৯ নম্বৰৰ মাৰুতি বাহন এখনে সন্মুখৰ পৰা বাইকত খুন্দা মাৰে।

    ফলত শোকাবহ দুৰ্ঘটনাতো সংঘটিত হয়।

    দুৰ্ঘটনা সংঘটিত কৰিয়েই মাৰুতিখনত থকা আৰোহি কেইজন ঘটনাস্থলৰ পৰা পলাই যায়।

    এই ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ থানালৈ নিয়ে।

    ইফালে গুৰুতৰভাবে আহত চিৰঞ্জীৱক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

    আৰু পঢ়ক : এইখন অসমতে আছে পৃথিৱীৰ সবাতোকৈ পুৰণি ‘বিশ্বকৰ্মা মন্দিৰ’ !

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং