26 C
Guwahati
Tuesday, September 27, 2022
More

    কংগ্ৰেছ বিধায়কৰ জোঁৱাইৰ বাহনে মহতিয়াই নিলে এফালৰ পৰা, ৬ জনৰ মৃত্যু

    কংগ্ৰেছ বিধায়কৰ জোঁৱাইৰ বাহনে মহতিয়াই নিলে এফালৰ পৰা, ৬ জনৰ মৃত্যু

    এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে গুজৰাটত। এগৰাকী কংগ্ৰেছ বিধায়কৰ জোঁৱাইৰ বাহনে সংঘটিক কৰে এক ভয়ংকৰ দুৰ্ঘটনা।

    নিয়ন্ত্ৰণহীন হৈ পৰা বাহনে সৈতে এফালৰ পৰা খুন্দিয়াই যায় পদপথৰ বহু লোকক। যাৰ ফলত ৬ জনকৈ লোকে প্ৰাণ হেৰুৱাই এই দুৰ্ঘটনাৰ ফলত।

    গুজৰাটৰ আনন্দ জিলাত এই ডাঙৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। সোজিত্ৰ তহচিলৰ দালি গাঁৱৰ ওচৰত এখ বাহনে, অটো আৰু বাইকক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ৬ জনকৈ লোক মৃত্যু মুখত পৰে।

    জানিব পৰা মতে, মৃতসকলৰ ভিতৰত তিনিজন একেটা পৰিয়ালৰ আছিল। অটোত থকা চাৰিজন আৰু বাইকখনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

    আৰক্ষীয়ে সদৰি কৰা অনুসৰি বাহনখনৰ চালকৰ আসনত থকাগৰাকী এই ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমানে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোকজনক।

    তথ্য অনুসৰি, একেটা পৰিয়ালৰ তিনিজন লোকে ৰক্ষাবন্ধন উদযাপন কৰি ঘৰলৈ উভতি আহিছিল। আৰক্ষী বিষয়া অভিষেক গুপ্তাই কয়, “বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে।

    বাহনখনৰ চালকৰ আসনত থকাগৰাকী গুজৰাটৰ এগৰাকী কংগ্ৰেছ বিধায়কৰ জোঁৱাই বুলি চিনাক্ত কৰা হৈছে। আনহাতে চালকজনৰ বিৰুদ্ধে আইপিচিৰ ৩০৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং