
অনুশীলনৰ বাবে গৈ থাকোতেই ৰাজপথত মহতিয়াই থৈ যায় বাহনে, ঠাইতে মৃত্যু সম্ভাৱনাপুৰ্ণ খেলুৱৈৰ
অনুশীলনৰ বাবে গৈ থাকোতেই ৰাজপথত মহতিয়াই থৈ যায় বাহনে, ঠাইতে মৃত্যু সম্ভাৱনাপুৰ্ণ খেলুৱৈৰ। বোকাখাতৰ লতাবাৰীত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে।
অচিনাক্ত গাড়ীৰ খুন্দাত নিহত সম্ভাৱনাপুৰ্ণ খেলুৱৈ। নিহত যুৱ খেলুৱৈ জনৰ নাম গোবিন শৰ্মা । গোবিন দশম মান শ্ৰেনীৰ ছাত্ৰ বুলি জানিব পৰা হৈছে। বয়স ১৮ বছৰ।
অনুশীলনৰ বাবে গৈ থকা অৱস্থাতে সংঘটিত এই দুৰ্ঘটনা। বোকাখাত কেৰাটে এশ্বচিয়েচনৰ শিক্ষাৰ্থী গোবিন পুৱা অনুশীলনৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গৈ থকাৰ অৱস্থাত কোনো অচিনাক্ত গাড়ীয়ে মহতীয়াই যায়।
গুৰুতৰ ভাৱ আহত গোবিনক বোকাখাত ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দু
ৰ্ঘটনা কৰি পলায়ন কৰা গাড়ীখনৰ সন্ধানত বোকাখাত বোকাখাত আৰক্ষীয়ে অনুসন্ধান অৱ্যাহত ৰাখিছে। শনিবাৰে পুৱাই বোকাখাতত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Input and Photo- Poppy Saikia
আৰু পঢ়ক : ৰাজ্যত জঘন্য ডাইনী কাণ্ড; ডাইনীৰ সন্দেহত এজন বৃদ্ধক দলবদ্ধ আক্ৰমণ, কথমপি প্ৰাণ ৰক্ষা