19 C
Guwahati
Saturday, January 15, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা! স্কুটীসহ উফৰি পৰিল দুজন, কৰুণ মৃত্যুক সাৱটিলে এজনে

    ভয়ংকৰ দুৰ্ঘটনা! স্কুটীসহ উফৰি পৰিল দুজন, কৰুণ মৃত্যুক সাৱটিলে এজনে

    ভয়ংকৰ দুৰ্ঘটনা! স্কুটীসহ উফৰি পৰিল দুজন, কৰুণ মৃত্যুক সাৱটিলে এজনে। ভোগালীৰ নিশা কাছাৰৰ সোনাই স্বাধীনবজাৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷

    দুৰ্ঘটনাত থিতাতে মৃত্যু বিশু দাস নামৰ এক স্কুটী আৰোহীৰ ৷ লগতে গুৰুতৰ আহত চানি দাস নামৰ আন এজন যুৱক ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, মূৰত হেলমেট পৰিধান কৰাৰ সলনি হাতৰ মাজত হেলমেট ৰাখি স্কুটীৰে দুয়ো যুৱক গৈ থাকোতে হঠাৎ স্কুটী চালকজনৰ হাতত থকা হেলমেট পৰি বাহনৰ ফচি যায় ৷

    ফলত নিয়ন্ত্ৰণ হেৰাই স্কুটী ৰাজপথত বাগৰি পৰে আৰু থিতাতে মৃত্যু হয় স্কুটী চালক বিশু দাসৰ ৷ লগতে গুৰুতৰ আহত হয় স্কুটীত থকা চানি দাস নামৰ যুবক জন ৷

    পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত যুৱক জনকো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত লৈ যায় ৷ নিহত যুৱক জনৰ ঘৰ সোনাই আমজুৰঘাটত বুলি জানিব পৰা গৈছে।

    Input and Photo- Yasin Mazumdar

    আৰু পঢ়ক : দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ দৰে অলৱাৰ কাণ্ডৰ নতুন দিশ, ধৰ্ষণেই হোৱা নাছিল মূকবধিৰ যুৱতীৰ সৈতে!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং