ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে এজন নিহত ,আহত চাৰিগৰাকী

0
2519

ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে এজন নিহত ,আহত চাৰিগৰাকী

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ দৰংগামেলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷

জানিব পৰামতে বুধবাৰে আবেলি তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰঙ্গামেলা আৰক্ষী চকীৰ অধিনৰ সেনা চাউনীৰ সন্মুখত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়৷

এছ ০১ ই টি ৮৮০৭ নম্বৰৰ গাড়ী খনে ৰঙিয়াৰ পৰা দৰংগামেলা অভিমুখে গৈ থকাৰ অৱস্থাতে সেনা চাউনীৰ সন্মুখ পোৱাৰ লগে লগে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটি দ খাৱৈ’ত পৰে।

ফলত লগে লগে এজন লোক নিহত হয় আৰু চাৰি গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়।

নিহত যুৱক জনৰ ঘৰ তামুলপুৰ জিলাৰ চানৰাইজ মুছাহাৰী ( ২৯) ৷

আহত চাৰিজন ক্ৰমে হৰতোলা গাঁওৰে মিথিচাৰ মুছাহাৰী, মাওৰা সিং মুছাহাৰী, আইজাক নাৰ্জাৰী, মাইকেল নাৰ্জাৰী ৷

গুৰুতৰ ভাৱে আহত মিথিচাৰ মুছাহাৰী, মাওৰা সিং মুছাহাৰীক উন্নত চিকাৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে।