নিশা ভয়ংকৰ ঘটনা, নিচাসক্ত যুৱকে মহতিয়াই নিলি তিনি পথচাৰীক

0
2851

নিশা ভয়ংকৰ ঘটনা, নিচাসক্ত যুৱকে মহতিয়াই নিলি তিনি পথচাৰীক। এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপত।

সংকটজনত অৱস্থাত তিনিওঁকে নিশাই ভৰ্তি কৰোৱা হয় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত৷ দক্ষিণ কামৰূপৰ সোণতলীৰ ছমৰীয়াপামত চাৰিচকীয়া বাহনৰ খুন্দাত শিশু-মহিলাসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷

ছমৰীয়াপামৰ পথৰ দাঁতিত থিয় হৈ থকা তিনিজনকৈ লোকক এ এছ-১৪ এফ-২১৩৩ নম্বৰৰ দ্ৰুতবেগী মাৰুতি খনে প্ৰচণ্ড গতিত খুন্দা মাৰে।

যাৰ ফলত ছমৰীয়াপামৰ আব্দুছ ছাত্তাৰৰ পত্নী আমিনা খাতুন (৩২), আজাদ নুৰুল আমিন (২৫) আৰু জুৱাইৰ ইছলাম (৫) গুৰুতৰভাৱে আহত হয়।

আহত তিনিওজনকে ততাতৈয়াকৈ নিশাই সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। ইফালে দূৰ্ঘটনা সংঘটিত কৰা মাৰুতি গাড়ীখন জব্দ কৰিছে সোণতলী আৰক্ষীয়ে।

জানিব পৰা অনুসৰি গাঞ্জা সেৱন কৰি মাতাল অৱস্থাত গাড়ী চলাই আছিল মাৰুতিৰ চালকগৰাকীয়ে।

Input and Photo – Rezzaul Kobir