
আজি পুৱা শোণিতপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী আৰু এটি শিশু। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপাট গাঁৱত এ এছ ১২ আৰু ৬৫৪৬ নম্বৰৰ এখন ফৰ্ড বাহনে এজন চাইকেল আৰোহীক খুন্দিয়াই। নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু বাহনখন খাৱৈত বাগৰি পৰে।
নিহত চাইকেল আৰোহীজনৰ নাম বৰপাটগাঁওৰ নিৱাসী ৰত্নেশ্বৰ শইকীয়া বুলি জানিব পৰা গৈছে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ খাৱৈত বাহনখন বাগৰি পৰাৰ ফলত গাড়ীখনত থকা ১১ বছৰীয়া ৰিহন বৰুৱা নামৰ এটি শিশু নিহত হয়। আনহাতে গাড়ীখনত থকা শিশুটিৰ মাতৃ ববিতা মিশ্ৰ বৰুৱা আৰু পিতৃ শিলা কুমাৰ বৰুৱা গুৰুতৰ ভাৱে আহত হয়।

জানিব পৰা মতে গাড়ীখনত থকা পৰিয়ালটি আমনিৰ পৰা তিনিচুকীলৈ গৈ আছিল। আহত ববিতা মিশ্ৰ বৰুৱা আৰু শিলা কুমাৰ বৰুৱাক স্থানীয় ৰাইজে উদ্ধাৰ কৰি তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Photo credit: Time8