
নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালিত নিশা পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু পঞ্জাৱ বডি ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাটোত ট্ৰাকখনে ডাম্পাৰৰ সমুখভাগ ভাঙি কিছু দূৰলৈ চোচৰাই লৈ যায়।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজপথৰ ওপৰত ৰৈ আছিল ডাম্পাৰখন। ৰে থকা অৱস্থাতে সমুখৰ পৰা তীব্ৰ বেগচ আহি ডাম্পাৰখনত খুন্দিয়াই এখন পাঞ্জাব-বডি ট্ৰাকে। নিশা পথ দুৰ্ঘটনা প্ৰায় ২ মান বজাত সংঘটিত হৈছে এই ঘটনাটো।
দুৰ্ঘটনাটোৰ ফলত ডাম্পাৰ চালক আৰু হেণ্ডিমেন দুয়ো জনেই গুৰুতৰভাবে আহত হয়। অতিকে সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ দুয়োজনকে।
ডাঠ কুঁৱলি আৰু নিৰ্মীয়মান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দূৰাবস্থাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আৰু পঢ়ক : পঞ্চায়ত নিৰ্বাচনৰ এদিন পূৰ্বে অঘটন, অৰুণাচলত অপহৃত অইলৰ দুই শীৰ্ষ বিষয়া