ভয়ংকৰ পথ দুৰ্ঘটনা, ইনভা আৰু পালচাৰৰ মাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, ঠাইতে প্ৰাণ হেৰুৱালে নৱজিতে

0
12451
ভয়ংকৰ পথ দুৰ্ঘটনা, ইনভা আৰু পালচাৰৰ মাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ

ভয়ংকৰ পথ দুৰ্ঘটনা, ইনভা আৰু পালচাৰৰ মাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, ঠাইতে প্ৰাণ হেৰুৱালে নৱজিতে। ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ইনভা বাহনড়ী আৰু পালচাৰ বাইকৰ মাজত ভয়ংকৰ দুৰ্ঘটনা । থিতাতে নিহত নৱজিৎ কলিতা(৩০) নামৰ লোক জন ।আনহাতে সংকটজনক অৱস্থাত আছে নিৰেন দাস নামৰ আন এজন যুৱক।

ইনভা বাহন খন বিটিআঁৰৰ কোনোবা ইএমৰ বুলি সন্দেহ কৰা হৈছে । ইনভা বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 16F9052, আনহাতে পালচাৰ বাইক খনৰ নম্বৰ AS 14 E 0129 ।

ইনভা বাহন খনৰ লগত এছকোৰ্টৰ গাড়ী আছিল বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । দুৰ্ঘটনা সংঘটিত কৰিয়ে ইনভা বাহন খন কিছু নিলগত এৰি থৈ বাহনখনৰ লোক কেইজনে পলায়ন কৰে ।

ৰঙিয়া আৰক্ষী থানাত খবৰ কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুয়োজন লোকক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ডক্টৰে নৱজিৎ কলিতাক মৃত বুলি ঘোষণা কৰে ।

Input and Photo- Trishna Das

আৰু পঢ়ক : চানক্য নীতি! এই সমূহ নীতিয়ে আপোনাক সহায় কৰিব এটি সুখী জীৱন লাভ কৰাত…