27 C
Guwahati
Saturday, December 4, 2021
More

    নলবাৰীত নিশা শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, বহুকেইজন আঘাতপ্ৰাপ্ত

    নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

    নলবাৰী জিলাৰ পাইকাৰকুছিত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাটোত জিতেন দাস নামৰ এজন লোকৰ থিতাতে কৰুণ মৃত্যু হয়।

    জানিব পৰা মতে, জিতেন দাস আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে এ এছ-২৫ এচি-৭৪০৮ নম্বৰৰ এখন উইংগাৰত মিৰ্জাৰ পৰা বজালী জিলাৰ পাঠশালালৈ দৰা ঘৰ চাব আহি আছিল।

    জিতেন দাসে নলবাৰীৰ পাইকাৰকুছিত থকা প্ৰণীতা ৰেষ্টুৰেণ্টৰ পৰা মিঠাই লৈ কইনা ঘৰলৈ যাবলৈ বিচৰাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকে জিতেন দাসক মহতিয়াই থৈ যায়।

    ইপিনে, পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে।

    আনহাতে, পথ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

    আকৌ, নলবাৰীৰ বৰ আজৰাত ট্ৰেক্টৰৰ খুন্দাত দুজন বাইক আৰোহী আৰু এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত আটাইকেইজনক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

    আৰু পঢ়ক : ক’ভিড ভেকচিনক লৈ কি গুৰুত্বপূৰ্ণ মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং