কামৰ পৰা উভতাৰ সময়তে শ্ৰমিক ভৰ্তি বাহন উফৰি পৰিল ৰাজপথত, ৩০ৰো অধিক শ্ৰমিক আহত। মৰিয়নিৰ ধোদৰ আলিত শ্ৰমিক কঢ়িওৱা বলেৰ’ পিক আপ বাহন দুৰ্ঘটনাগ্ৰস্ত ।
ত্ৰিশৰো অধিক শ্ৰমিক গুৰুত্বভাৱে আহত। পথৰ ওপৰতে শ্ৰমিক কঢ়িয়াই নিয়া বলেৰ’ পিক আপ বাগৰি পৰাত ত্ৰিছৰো অধিক শ্ৰমিক গুৰুত্বভাৱে আহত হয়।
ধোদৰ আলিৰ খাটিসোনাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহত শ্ৰমিক সকল দিহিঙিয়াপাৰ চাহ বাগিছাৰ।
কাকজান ৰাজৈ চাহ বাগিছালৈ দিহিঙিয়াপাৰ চাহ বাগিছাৰ পৰা কাম কৰিবলৈ গৈছিল শ্ৰমিক সকল। কাম কৰি সামগ্ৰী কঢ়িওৱা AS03BC1883 নম্বৰৰ বলেৰ’ পিক আপ খনত উভতি আহিছিল ৩৫ জনীয়া শ্ৰমিকৰ দলটো।

আনহাতে তীব্ৰ বেগী বলেৰ’ পিক আপ খন খাটিসোনাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।দুৰ্ঘটনাত ৩৫ জন শ্ৰমিক গুৰুত্বভাৱে আহত হয়।
আহত শ্ৰমিক সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি সমীপৰ নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।
আনহাতে ২২ গৰাকী শ্ৰমিকৰ আঘাত গুৰুত্ব হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
চালকৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে আহত শ্ৰমিক সকলে। মনকৰিবলগীয়া যে মৰিয়নিৰ বহু চাহ বাগিছাই শ্ৰমিক সকলক দীৰ্ঘদিনৰ পৰা বাগিছাত কাম কৰিবলৈ সামগ্ৰী কঢ়িওৱা বাহনতে প্ৰশাসনৰ সমুখতে পৰিবহন আইন উলংঘা কৰি অনা নিয়া কৰি আহিছে।
আজি দুৰ্ঘটনাটো তাৰে এক প্ৰতিফলন বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।
Input and photo – Jintu Tanti
আৰু পঢ়ক :- একেবাৰে আচৰিত! ২ ঘণ্টাৰ পৰীক্ষা কেৱল ৩ মিনিটতে শেষ কৰিলে প্ৰাৰ্থীয়ে, এতিয়া কাৰাগাৰত …