
ঘাতক ডাম্পাৰে প্ৰাণ কাঢ়িলে কাহিলীপাৰাৰ যুৱক নয়নৰ। লালগণেশ অঞ্চলত ডাম্পাৰে মহটিয়াই থৈ যায় স্কুতিৰে ঘৰলৈ আহি থকা যুৱক জনক। এটি কণমানি সন্তানৰ পিতৃ নয়ন চক্রৱৰ্তী (৩৬) জনকপুৰ জাৰ্ণালিষ্ট কলনীৰ সৰবৰহী যুৱক আছিল। ঘাতক ডাম্পাৰখন জব্দ কৰিব পৰা নাই।
নিশাৰ গুৱাহাটীত ডাম্পাৰৰ উপদ্ৰপ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিৰ্লিপ্ত পৰিবহণ, আৰক্ষী বিভাগ। কেৱল চিটি বাছ, ৰেপিডো, উবেৰৰ বিৰুদ্ধেহে নামিছে পৰিবহণ বিভাগ। ঘাতক ডাম্পাৰৰ দৌৰাত্ম্য পৰিবহণ আৰক্ষীয়ে দেখা নাপাই বুলি ক্ষোভ উজাৰিছে ৰাইজে।
Photo: Time8