ভয়ংকৰ পথ দুৰ্ঘটনা! চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ বাইকৰ, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক বাগৰি পৰে দ’ খাৱৈত

0
179
ভয়ংকৰ পথ দুৰ্ঘটনা! চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ বাইকৰ

ভয়ংকৰ পথ দুৰ্ঘটনা! চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ বাইকৰ, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক বাগৰি পৰে দ’ খাৱৈত।

দক্ষিণ কামৰূপৰ গৰৈমাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক আৰু বুলেট বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখনৰৰ চালক, হেণ্ডিমেনৰ লগতে বাইক আৰোহী গুৰুতৰ বাবে আহত হয়। আহত আটাইকে গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ঘটনাস্থলীত উপস্থিত লোকে৷

পিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই আহত ব্যক্তিসকলৰ পৰিচয়৷ দুৰ্ঘটনাৰ পিছতে চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত বাগৰি পৰে৷

গৰৈমাৰী-সোণতলী পথৰ চৌতাৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা৷ ঘটনা সন্দৰ্ভে খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত জোৰশিমুলী আৰক্ষী৷

Input and photo- Rezzaul Kobir

আৰু পঢ়ক : ভয়ংকৰ ঘটনা, চলন্ত ট্ৰেইনৰ ৪ টাকৈ ডবাত অগ্নিকাণ্ড