
গোৱালপাৰা জিলাৰ খলিচাভিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী শিশু। বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে এখন মিনি ট্ৰাকে মহতিয়াই নিয়ে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ফজলুৰ হকক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে ট্ৰাকখন।

ঘটনাস্থলীত উপস্থিত হয় জলেশ্বৰ আৰক্ষী। অগ্নিনির্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলম হোৱাত আৰক্ষীয়ে জুই নমোৱাৰ চেষ্টাত নামি পৰে।ঘটনাটোত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Photo: Time8