ডবকাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনৰ ঠাইতে মত্যু, দুজনৰ অৱস্থা সংকটজনক

0
782
ডবকাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনৰ ঠাইতে মত্যু, দুজনৰ অৱস্থা

ডবকাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনৰ ঠাইতে মত্যু, দুজনৰ অৱস্থা সংকটজনক

ডবকাত অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা, দুজনৰ ঠাইতে মত্যু, দুজনৰ অৱস্থা সংকটজনক। হোজাই জিলাৰ ডবকাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

ডবকাৰ মদাৰতলিত ভয়ংকৰ এই পথ দুৰ্ঘটনা ৷ মদাৰতলিৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেলে মহতিয়াই নিলে দুই পথ আৰোহীক ৷

দুৰ্ঘটনাৰ ফলত এজন পথচাৰী আৰু এজন মটৰচাইকেল আৰোহী থিতাতে নিহত ৷ আন দুজন গুৰুতৰ ভাবে আহত ৷ মৃত ব্যক্তি দুজন হল ক্ৰমে পথচাৰী লালু সিং আৰু বাইক আৰোহী আবুল হুছেইন ৷

আহত দুজনৰ এজন হৈছে সঞ্জীৱ প্ৰসাদ আৰু আনজন বৰ্তমানলৈ চিনাক্ত হোৱা নাই ৷ নিহত লালু সিং আৰু আহত সঞ্জীৱ প্ৰসাদ মদাৰতলিস্থিত পাৰ্ফেক্ট এল’ইজ এণ্ড ষ্টিল কোম্পানীৰ কৰ্মচাৰী ৷

অন্য দুজনৰ ঘৰ ডবকাৰ চাংমাজিত বুলি জানিব পৰা গৈছে ৷ আবুল হুছেইন আৰু তেওঁৰ সহযোগীজনে গ্লেমাৰ মটৰ চাইকেলেৰে ডবকাৰ পৰা চাংমাজি অভিমুখে গৈ থকা অৱস্থাত মদাৰতলিত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই বজাৰ কৰি গৈ থকা অৱস্থাত ষ্টীল কোম্পানীৰ কৰ্মচাৰী দুজনক খুন্দা মাৰি মহতিয়াই নিয়ে আৰু দুৰ্ঘটনাত পতিত হয় ৷

ঘটনা সম্পৰ্কে খবৰ লাভ কৰা মাত্ৰকেই ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ আহত দুয়োকে উদ্ধাৰ কৰি ততাতৈয়াকৈ ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে নিহত দুয়োগৰাকীকে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনা সংগঠিত কৰা মটৰ চাইকেল খনৰ নম্বৰ AS02 U 1083 .

Input and Photo- Sohidul Alom

আৰু পঢ়ক : মিৰ্জাপুৰৰ ‘ললিত’ ব্ৰহ্ম মিশ্ৰৰ মৃত্যু, তিনিদিন ধৰি বাথৰুমত পৰি থাকিল মৃতদেহ