টাটা নেনোৰ সৈতে মুখামুখি সংঘৰ্ষত মৃত্যু বাইক চালক কুশল কলিতাৰ, চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত

0
1091
টাটা নেনোৰ সৈতে মুখামুখি সংঘৰ্ষত মৃত্যু বাইক চালক কুশল কলিতাৰ, চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত
প্ৰতিনিধিত্বমূলক চিত্ৰ

টাটা নেনোৰ সৈতে মুখামুখি সংঘৰ্ষত মৃত্যু বাইক চালক কুশল কলিতাৰ, চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত

বকোৰ বন্দাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

এখন টাটা নেনো বাহনৰ সৈতে এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পায়।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা বাইক চালকজনৰ নাম কুশল কলিতা।

মুখামুখি সংঘৰ্ষৰ পাছতে বাইকখন দাও-দাওকৈ জ্বলি উঠে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুশল কলিতাক হস্পিটেললৈ লৈ যোৱা হয় যদিও আধা বাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

কুশল কলিতাৰ ঘৰ ধূপধৰাৰ সুতাৰপাৰাৰ দীঘলীত বুলি জানিব পৰা গৈছে।

ইপিনে, পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকল হৈছে ধৃতিমান ৰাভা, হীমাশ্ৰী ৰাভা, নিউটন বড়ো আৰু ভূপেন্দ্ৰ অধিকাৰী।

আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী শিংৰা হাইস্কুলৰ ছাত্ৰ।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইনপুট- মণিমালা ডেকা

আৰু পঢ়ক : জামিন লাভৰ পাছতে পুনৰ আটক জিগনেশ মেৱানী, বৰপেটাৰোড থানাত আছে গুজৰাটৰ বিধায়ক গৰাকী