29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত ২জন থিতাতে নিহত,গুৰুতৰভাৱে আহত ১২, ২জনৰ অৱস্থা সংকটজনক

    বিলাসীপাৰা বজাৰত জলকীয়া বিক্ৰী কৰি নিশা ১১ টা বজাত কৃষকসকলে ট্ৰেক্টৰখনেৰে গৃহ অভিমূখে গতি কৰিছিল

    বিলাসীপাৰাত সোমবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যমদুৱাৰ চিৰাকুটাত নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত বাগৰি পৰে তীব্ৰবেগী ট্ৰেক্টৰ। ফলত ট্ৰেক্টৰখনত থকা দুজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হয় আন ১২ জনকৈ যাত্ৰী। নিশা বিলাসীপাৰাৰ পৰা গোৱালপাৰা দিশে তীব্ৰ বেগত গৈ আছিল AS 17 B – 8610 নম্বৰ ট্ৰেক্টৰখন। ট্ৰেক্টৰখনৰ ট্ৰলীত জলকীয়া বোজাই কৰি কঢ়িয়াই আনিছিল কৃষকসকলে। বিলাসীপাৰা বজাৰত জলকীয়া বিক্ৰী কৰি নিশা ১১ টা বজাত কৃষকসকলে ট্ৰেক্টৰখনেৰে গৃহ অভিমূখে গতি কৰিছিল।

    কিন্তু নিয়তিৰ পৰিহাস তীব্ৰ বেগত যোৱা ট্ৰেক্টৰখনৰ চালকে যমদুৱাৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খাৱৈ এটাত বাগৰি পৰে| ফলত ট্ৰেক্টৰৰ চেপাত পৰি থিতাতে নিহত হয় দুজন আৰোহী। নিহত দুজন ক্ৰমে বিশা শ্বেইখ (৩২) আৰু জয়নুদ্দিন শ্বেইখ (৩০)বুলি চিনাক্ত হয়| এই ঘটনাত আহত হয় আন ১২ জন আৰোহী। আহত সকল ক্ৰমে মোগল হুছেইন(৬৫)নুৰ ইছালাম(২৫) মফিদুল ইছলাম(২২)জহিৰ আলী(৪০)ছাহানুৰ ইছলাম(৩৫) আব্দুল বাৰেক(৫৫)ছাহিদুল ইছলাম(২১)ছৈদুৰ ৰহমান(২৫) আকিবুল ইছলাম (১৭),ছায়েদ আলী(২৫)আৰু কাবেল উদ্দিন(৩২)।

    আটাইৰে ঘৰ গোৱালপাৰা জিলাৰ কিল্লাহাৰা ৫ম খণ্ড গাঁৱত। পিছত বিলাসীপাৰা আৰু শালকোচা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি নিশাই বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পিছলৈ আহত ব্যক্তিসকলক উন্নত চিকিৎসা বাবে ধুবুৰী আৰু বঙাইগাঁওৰ অসমাৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং