
নিশা হ’লেই ৰাজপথত ৰাজত্ব চলে ট্ৰাক সমূহৰ। নিয়ন্ত্ৰণাধীন হৈ পৰে গতিবেগ। আগবঢ়াৰ বাবে প্ৰতিযোগিতা চলে ট্ৰাক সমূহৰ মাজত। সেই অঘোষিত প্ৰতিযোগিতাৰ বাবেই নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰাণ হেৰুৱাব লগা হয় এজন ট্ৰাক চালকে।

প্ৰশাসন তথা আৰক্ষীৰ সমুখৰেই অবাধে চলা এই সমূহ ট্ৰাকৰ বাবেই যোৱা নিশাও সংঘটিত হয় এক ভয়ানক সংঘৰ্ষ। নিশা কঠিয়াতলিৰ ঘাইপথত ভয়ানক দুৰ্ঘটনা। কয়লাভৰ্তি ট্ৰাকৰ চেপাত প্ৰাণ যায় এজনৰ।
অভাৰটেক্ কৰিব গৈ মহটিয়াই নিলে পৰস্পৰ কয়লা ভৰ্তি ট্ৰাক৷ যাৰ বাবেই থিতাতে নিহত এজন ট্ৰাক চালক আৰু আহত এজন৷

নিশা হ’লেই ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত দৌৰাত্ম্য চলে চুপাৰী আৰু কয়লা ভৰ্তি শ শ ট্ৰাকৰ৷ যোৱা নিশাও মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী তিনিখন তীব্ৰবেগী কয়লা ভৰ্তি ট্ৰাকৰ মাজত সংঘটিত হয় এই দূৰ্ঘটনা৷
তীব্ৰ বেগত অভাৰটেগ কৰিবলৈ গৈ AS09C-8957 নম্বৰৰ ট্ৰাক খনক মহটিয়াই নিয়ে PB02DQ-5059 নম্বৰৰ ট্ৰাক খনে
আনখন ট্ৰাকৰ নম্বৰ PB11CF-5901।
Photo Credit: Rup Jyoti Bhuyan