
শিৱসাগৰৰ ৰজাবৰী দৰিকা ঘাটত অঘটন। বেটাৰী ৰিক্সাত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই দৰিকা নৈত পৰিল মাৰুটি ৮০০ । দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ২ গৰাকী আৰোহী।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ২ গৰাকী লোককে স্থানীয় প্ৰগতি মেডিকেললৈ প্ৰেৰণ কৰা হয়। স্থানীয় লোকে জনোৱা অনুসৰি গাড়ীখন মেৰামতি কৰি ট্ৰেচ কৰিবৰ বাবে লৈ অনা হৈছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে।