ভয়ংকৰ দুৰ্ঘটনা; বাইক আৰু চাইকেল আৰোহীৰ মুখামুখি সংঘৰ্ষত এজন নিহত, আহত দুজন
কলগাছিয়াৰ দেউকুৰা ডি এম বি এম ই মাদ্ৰাছাৰ সন্মুখত আজি সন্ধিয়া সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।
বাইক আৰু চাইকেল আৰোহীৰ মাজত এই দুৰ্ঘটনাটোত সংঘটিত হয় বুলি জানিব পৰা গৈছে।
ঘটনাৰ কথা জানিব পাৰি কলগাছিয়া আৰক্ষীয়ে সংকটজনক অৱস্থাত তিনিওজনকে উদ্ধাৰ কৰি কলগাছিয়া অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে তিনিওজনকে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেললৈ প্ৰেৰণ কৰে।
ইয়াৰে দেউকুৰা গাঁৱৰে চাইকেল আৰোহী নুৰ মহম্মদ আলী বৰপেটা মেডিকেলত মৃত্যুবৰণ কৰে।
বাইক আৰোহী দুজন খৰিচালা গাঁৱৰ ৰাকিবুল ইছলাম আৰু আবু বক্কাৰ ছিদ্দিক।
ঘটনা সংঘটিত হোৱাৰ লগে লগে বাইক আৰোহী এজন পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে জানিবলৈ দিয়ে।
দুৰ্ঘটনা সংঘটিত কৰা পালছাৰ বাইক খনৰ নম্বৰ এ এছ ১৫ টি ১৩৪৯।
আৰু পঢ়ক : বঙাইগাঁৱত দৈনিক-সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ