দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হ’ল AS-18E/7623

0
33

দুধনৈত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাটোৰ ফলত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা দুজন লোকে বাইকেৰে কৃষ্ণাই লৈ গৈ আছিল৷ সেই সময়তে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোংগাস্থিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

কোনো অজ্ঞাত গধুৰ বাহনে প্ৰচণ্ড জোৰে খুন্দিয়াই থৈ যায় দুই বাইক আৰোহীক৷ ফলত দুয়োৰে ঘটনাস্থলীতে মৃত্যু ঘটে৷ মৃত লোক দুজন কৃষ্ণাই মোলানডুবীৰ হৰি মালো (৪৫) আৰু অখিল ঘোষ (৪৫) বুলি জানিব পৰা গৈছে৷ লোক দুজনক খুন্দিয়াই থৈয়ে বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত। দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হ’ল AS-18E/7623।

Inputs And Photo: @ Khagendra Rabha