28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গেলুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা! শিলভৰ্তি ট্ৰেক্টৰৰ তলত সোমাল চালক

    চিচিবৰগাঁও চাৰিআলিৰ সমীপৰ গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

    শিলভৰ্তি এখন ট্ৰেক্টৰ পথৰ পৰা বাগৰি পৰি হেঁচা মাৰি ধৰে চালকজনক ।

    গেলুৱা গাঁৱৰে মইনা আলি নামৰ চালকজনৰ ওপৰত পৰি যায় ট্ৰেক্টৰখন ।

    স্থানীয় ৰাইজে প্ৰায় দুই ঘণ্টা ধৰি কৰা আপ্ৰাণ শ্বাসৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চালক মইনা আলিক ।

    চালকজনৰ দুয়োটা ভৰি ভাঙি যোৱাৰ সন্দেহ কৰিছে ৰাইজে । ততাতৈয়াকৈ ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

    আৰু পঢ়ক : হাটশিঙিমাৰীৰ কুকুৰমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং