32 C
Guwahati
Sunday, September 19, 2021
More

    বাইক আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ, বহু দূৰৈত উফৰি পৰে বাইক আৰোহী

    বাইক আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ, বহু দূৰৈত উফৰি পৰে বাইক আৰোহী। বৰপেটাৰ ভৱানীপুৰৰ শুকমানাহত এই বাইক আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।

    সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভৱানীপুৰৰ মাজগাঁৱৰ মনিৰুল হ’ক নামৰ এগৰাকী যুৱক। স্থানীয় ৰাইজৰ তৎপৰতাত আঘাতপ্ৰাপ্ত বাইক আৰোহী মনিৰুল হকক মাজগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে সংকটজনক অৱস্থাত যুৱক জনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

    জানিব পৰা মতে মাজগাঁও দিশৰ পৰা শিল-বালি কঢ়িয়াই লৈ গৈ আছিল ট্ৰেক্টৰখনে আৰু বিপৰীত দিশেৰে আহি আছিল বাইক আৰোহীজন। তেনে সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

    দুৰ্ঘটনা গ্ৰস্ত বাইক খনৰ নম্বৰ হৈছে AS-15S 4625 আৰু ট্ৰেক্টৰ খনৰ নম্বৰ হৈছে AS-15AC 0482.

    আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰৰ চাকলজনক একাংশ ৰাইজে নিৰাপদ স্থানত আৱদ্ধ কৰি ৰাখিছিল যদিও পাছলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায়। লগতে দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাহন উদ্ধাৰ কৰি থানালৈ নিয়ে।

    Input and Photo- Ganesh Ch Saha

    আৰু পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ড, কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ বহু চেষ্টাৰ ফলত কোনোমতে নিয়ন্ত্ৰণ হয় জুই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং