ৰিয়ান পৰাগৰ আইপিএল ভবিষ্যত সম্পৰ্কে কি ইংগিত দিলে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে

0
39246
দুৰ্বল ফৰ্মৰে যুঁজি থকা কোহলীক কি উপদেশ দিলে ৰিয়ান পৰাগে?
ৰিয়ান পৰাগ, ফাইল ফটো

আইপিএলত কালি অনুষ্ঠিত হোৱা ফাইনেল খেলখনত ৰাজস্থান ৰোয়েলছ গুজৰাট টাইটানছৰ হাতত পৰাস্ত হোৱাৰ পাছতে ৰাজস্থান ৰোয়েলছৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ সম্পৰ্কত মত প্ৰকাশ কৰিছে জ্যেষ্ঠ ধাৰাভাষ্যকাৰ সঞ্জয় মঞ্জৰেকাৰে।

মঞ্জৰেকাৰে ৰাজস্থান ৰোয়েলছ দলটো পৰৱৰ্তী আইপিএলৰ বাবে ৮০-৯০ শতাংশ সঠিক হৈ আছে বুলি উল্লেখ কৰি ৰিয়ান পৰাগৰ প্ৰসংগ উত্থাপন কৰে।

“ৰাজস্থান ৰোয়েলছে ৰিয়ান পৰাগৰ স্থানত ধাৰাবাহিকভাৱে প্ৰদৰ্শন আগবঢ়াব পৰা এজন বেটছমেনৰ প্ৰয়োজন যি প্ৰয়োজনত ২-৩ অভাৰ বলিঙো কৰিব পাৰে,” সঞ্জয় মঞ্জৰেকাৰে এইদৰে কয়।

চলিত আইপিএলত ১৪ খনকৈ খেলত খেলিবলৈ সুযোগ লাভ কৰা ৰিয়ান পৰাগে শোচনীয় প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ১৮৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে বেটিঙেৰে ব্যৰ্থ হ’লেও ৰিয়ান পৰাগে খেলপথাৰৰ ভিতৰত প্ৰায়ে বিতৰ্কিত আচৰণেৰে চৰ্চা লাভ কৰি আহিছিল।

চলিত আই পি এলত ৰিয়ান পৰাগৰ বেয়া প্ৰদৰ্শনৰ পাছতে বহু ক্ৰিকেট অনুৰাগীয়ে ৰিয়ান পৰাগৰ এয়াই অন্তিম আইপিএল হওক বুলি মন্তব্য কৰা দেখা গৈছে।