বাকযুদ্ধৰ সময়ত খেলপথাৰত মহম্মদ চিৰাজে কি কৈছিল মুকলিকৈ ক’লে ৰিয়ান পৰাগে

0
31698
ফটো সৌজন্য- ইণ্টাৰনেট

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰোয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰোয়েলছৰ এখন খেলত ৰোয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বলাৰ হৰ্ষল পেটেল আৰু মহম্মদ চিৰাজৰ বিৰুদ্ধে বাক যুদ্ধত লিপ্ত হৈছিল ৰাজস্থান ৰোয়েলছৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ।

ৰাজস্থানে প্ৰথম ইনিংছত বেটিং কৰাৰ অন্তত ৰিয়ান পৰাগে হৰ্ষল পেটেল আৰু মহম্মদ চিৰাজৰ সৈতে বাকযুদ্ধত লিপ্ত হৈছিল।

হৰ্ষল পেলেটৰ এটা বলত ৰিয়ান পৰাগে ছয় কোবোৱাৰ পাছত ৰিয়ান পৰাগে বিগত বৰ্ষত কৰাৰ দৰে আনন্দ প্ৰকাশ কৰিছিল আৰু এইক্ষেত্ৰত হৰ্ষল পেলেটে একো কোৱা নাছিল যদিও মহম্মদ চিৰাজে পৰাগক উভতি ধৰিছিল বুলি ৰিয়ানে উল্লেখ কৰে।

ইপিনে, প্ৰথম ইনিংছৰ অন্তত মহম্মদ চিৰাজে ৰিয়ান পৰাগক ওচৰলৈ মাতি ৰিয়ান পৰাগ শিশু আৰু শিশুৰ দৰে আচৰণ কৰিব লাগে বুলি কয়।

ইয়াৰ প্ৰত্যুত্তৰত ৰিয়ানে চিৰাজক একো কোৱা নাই বুলি কোৱাৰ সময়তে দুয়োটা দলৰ খেলুৱৈ সকলে আহি বিষয়টো সমাপ্ত কৰে।

অৱশ্যে খেলৰ অন্তত হৰ্ষল পেটেলে তেওঁৰ সৈতে কৰমৰ্দন নকৰা কাৰ্য্যক কিছু পৰিমাণে অপৈনত আখ্যা দিয়ে অসমৰ যুৱ ক্ৰিকেটাৰ গৰাকীয়ে।