ৰবিন্দ্ৰ জাদেজাৰ অনন্য অভিলেখ ভংগ কৰি দেশৰ ভিতৰতে শীৰ্ষত উপনীত অসম সন্তান ৰিয়ান পৰাগ

0
22748

ৰবিন্দ্ৰ জাদেজাৰ অনন্য অভিলেখ ভংগ কৰি দেশৰ ভিতৰতে শীৰ্ষত উপনীত অসম সন্তান ৰিয়ান পৰাগ

অসম সন্তান ৰিয়ান পৰাগে গঢ়ে এক অনন্য ৰেকৰ্ড । আই পি এলৰ চিজনত সকলোতকৈ অধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় ৰিয়ান।

বৰ্তমানে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলৰ পথাৰত খেলি আছে ৰিয়ানে। মাজতে দুটা দিন পূৰ্বে এক উইকেট দখলৰ সময়ত বল কেটছ কৰি মাটিৰ একেবাৰে কাষলৈ নি বিতৰ্কৰ সৃষ্টি কৰিছিল।

যাক লৈ ৰিয়ানক আই পি এলৰ পথাৰৰ পৰা নিষিদ্ধ কৰাৰো দাবী উত্থাপন হৈছিল অনুৰাগী সকলৰ মাজত। পাছে সেই ঘটনাৰ পাছতে এক অনবদ্য় ৰেকৰ্ড গঢ়ি সকলোৰে মুখ বন্ধও কৰে ৰিয়ানে।

কালিৰ নিশাৰ খেলত ১৪ সংখ্যত বল কেটছ কৰি ৰেকৰ্ড গঢ়ে । যি ৰেকৰ্ড পূৰ্বে ৰবিন্দ্ৰ জাদেজাৰ নামত আছিল। ৰবিন্দ্ৰ জাদেজাই আই পি এলৰ ২০১৫ চিজন আৰু ২০২১ ৰ চিজনত ১৩ টা কৈ বল কেটছ কৰি উইকেট দখল কৰি ৰেকৰ্ড গঢ়িছিল।

কালিৰ খেলৰ সময়ত ৰিয়ানে চলিত চিজনৰ ১৪ সংখ্যক বল কেটছ কৰি ৰবিন্দ্ৰ জাদেজাৰ সেই ৰেকৰ্ড ভংগ কৰে। এতিয়া এইদৰে সবাতোকৈ অধিক বল কেটছ কৰা ভাৰতীয় সকলৰ ভিতৰত তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰিয়ান পৰাগ।

আনহাতে ২০১৬ চনৰ আই পি এলৰ চিজনত দক্ষিণ আফ্ৰিকাৰ এ বি ডিভিলিয়াৰ্ছে ১৬ খন খেল খেলি ১৯ টা কৈ কেটছ ধৰি ৰেকৰ্ড গঢ়ি তালিকাৰ শীৰ্ষত উপনীত হৈছিল। যি ৰেকৰ্ড বৰ্তমানেও অক্ষত অৱস্থাত আছে।