26 C
Guwahati
Sunday, September 19, 2021
More

    কাপোৰ পিন্ধিব নোৱাৰা ছোৱালীজনী নিজেই উঠি বহিছে, কিছু সুস্থ হৈ উঠিছে ঋতুমণি

    কাপোৰ পিন্ধিব নোৱাৰা ছোৱালীজনী নিজেই উঠি বহিছে, কিছু সুস্থ হৈ উঠিছে ঋতুমণি

    আগতকৈ কিছু সুস্থ হৈ উঠিছে শিৱসাগৰ হাঁহচৰাৰ মেধাৱী যুৱতী ঋতুমনি হাজৰিকা। দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছে ঋতুমণি। তাৰ পিছতেই ঋতুমণিৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

    ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে ঋতুমণিৰ চিকিৎসা ভালদৰে হোৱা নাছিল। তাৰ পিছতেই ঋতুমণিৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছিল সাংসদ তপন কুমাৰ গগৈ।

    সাংসদ গৰাকীৰ সহযোগত ঋতুমণিক নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা লাভৰ পিছতেই কিছু সুস্থ হৈ উঠিছে ঋতুমণি। গা লৰচৰ কৰিব নোৱাৰা, কাপোৰ পিন্ধিব নোৱাৰা যুৱতী গৰাকী নিজেই উঠি বহিছে।

    ইয়াৰ পিছতেই ঋতুমণিৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। ঋতুমণি নিজেই উঠি বহিছে। তদুপৰি সাংসদ তপন কুমাৰ গগৈক প্ৰশংসা কৰিছে সকলোৱে।

    আৰু পঢ়ক : অসমত চাৰিৰ পৰা পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হ’ব : ৰঞ্জিত দাস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং