
সাৱধান গুৱাহাটীবাসী, কামৰূপ মহানগৰত অস্বাভাৱিক হাৰত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা
দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীতো অধিক ভয়াৱহ হৈ পৰিছে ক’ভিড পৰিস্থিতি। বিগত কিছুদিনৰ তুলনাত পুনৰ ক’ভিডৰ অস্বাভাৱিক বৃদ্ধিয়ে চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক।
অসমত আজি নতুনকৈ ৮৪৪ জনৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰিছে। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ইয়াৰে ৩৬৯ গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ।
ক’ভিডত আজিৰ দিনটোত দুজন লোকৰ মৃত্যু হয়। ক’ভিড পজিটিভিটি হাৰ হৈছে ২.৩৭ শতাংশ।
বুধবাৰে কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ২৭৯ গৰাকী। অৰ্থাত বুধবাৰৰ তুলনাত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯০ জন বৃদ্ধি পাইছে।
আনহাতে ৪ জানুৱাৰিত কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ১৯০।
বিগত তিনি-চাৰিদিনৰ তথ্য চালে এটা কথা নিশ্চিত হয় যে অসমৰ লগতে কামৰূপ মহানগৰ জিলাত ক্ৰমান্বয়ে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে যিটো অতি উদ্বেগজনক।
ইফালে ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ৰাজ্য চৰকাৰে ইয়াক নিয়ন্ত্ৰণৰ বাবে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা দিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সতৰ্কতা অৱলম্বনৰ অনুৰোধ জনোৱাৰ লগতে কাইলৈ ক’ভিড সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা প্ৰকাশ পাব বুলিও জনায়।