
দুবাৰকৈ বিশ্বকাপ জয় কৰোৱা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে আগন্তুক টি-২০ বিশ্বকাপ সন্দৰ্ভত এক ডাঙৰ ভৱিষ্যৎবাণী আগবঢ়াইছে।
অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ টি-২০ বিশ্বকাপৰ ফাইনেল কোন দুটা দলৰ মাজত অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত মন্তব্য কৰিছে পণ্টিঙে।
আই চি চিয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত টি-২০ বিশ্বকাপৰ ফাইনেল মেচখন হোৱাৰ সম্ভাৱনা আছে বুলি কয়।
তেওঁ কয়, ‘মই ভাবো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল মেচখন হ’ব আৰু ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়া চেম্পিয়ন হ’ব’।
ইফালে পাকিস্তান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পণ্টিঙে কয় যে মই নাভাবো যে পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰিব। তেওঁলোকে ছাহিন আফ্ৰিদী আৰু টপ অৰ্ডাৰৰ বেটছমেনক লৈয়ে বেছি নিৰ্ভৰশীল।
যদি বাবৰ আজমে ভাল প্ৰদৰ্শন নকৰে তেন্তে পাকিস্তান দলে ফাইনেলত প্ৰৱেশ কৰাটো একপ্ৰকাৰ অসম্ভৱ বুলিয়েই মন্তব্য কৰে অষ্ট্ৰেলিয়াৰ মহান অধিনায়কগৰাকীয়ে।