বোকাখাতত গঁড়ৰ খৰ্গসহ দুজন চোৰাং চিকাৰীক আটক

0
759
প্ৰতিনিধিত্বমূলক চিত্ৰ

বোকাখাতত গঁড়ৰ খৰ্গ সৰবৰাহকাৰী দুজন চোৰাং চিকাৰী আটক হৈছে৷ প্ৰথমে আটক হোৱা গঁড় চিকাৰীজনৰ নাম ভক্ত বাহাদুৰ থাপা আৰু আনজনৰ নাম বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে।

বোকাখাত আৰক্ষীয়ে বিশেষ সুত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰথমে আটক কৰে চোৰাং গঁড় চিকাৰী ভক্ত বাহাদুৰ থাপা নামৰ খৰ্গ সৰবৰাহকাৰীটোক৷

বোকাখাত চিপাহী গাঁৱৰ নিজৰ ঘৰৰ ভিতৰত থাপাই এটা মোনাৰ ভিতৰত লুকুৱাই ৰাখিছিল খৰ্গটো৷ পূৰ্বেও গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত আছিল ভক্ত বাহাদুৰ থাপা।

ইফালে ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আমটেঙাৰ বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে নামৰ আনজন গঁড়ৰ খৰ্গ সৰবৰাহকাৰীক বোকাখাত আৰক্ষীয়ে বোকাখাত ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা আটক কৰে।

উল্লেখ্য যে গঁড়ৰ খৰ্গৰ কোনো মূল্য নাই বুলি যোৱা বৰ্ষৰ ২১ ছেপ্তেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত বৃহৎ আয়োজনেৰে ২ হাজাৰতকৈও অধিক গঁড়ৰ খৰ্গ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জ্বলাই দিয়া হৈছিল যদিও তাৰ পাছতো গঁড়ৰ খৰ্গ ব্যৱসায় অব্যাহত থকাতোৱে সকলোকে চিন্তিত কৰি তুলিছে।

দুই খৰ্গ সৰবৰাহকাৰীক লৈ বোকাখাত আৰক্ষীয়ে আন চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

ইনপুট : কিষাণ ছেত্ৰী