বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে মণ্ডলক প্ৰহাৰ কৰাৰ অভিযোগ

0
98

বঙাইগাঁও জিলাৰ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে পুনৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক কাৰ্য্যালয়ৰ ভিতৰতে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দিছপুৰৰ সচিবালয়ৰ ভিতৰত এগৰাকী কৰ্মচাৰীক প্ৰহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰা চিদলী সমষ্টিৰ ইউ পি পি এল দলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে শুকুৰবাৰে চিদলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত এগৰাকী কৰ্তব্যৰত মণ্ডলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিদলী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্তব্যৰত লাট মণ্ডল জৰ্জ হাজোৱাৰীক প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ জনাই কৰ্মচাৰী সকলে কৰ্ম বিৰতি পালন কৰিছে।

এই সংক্ৰান্তত লাট মণ্ডল জৰ্জ হাজোৱাৰীয়ে শনিবাৰে চিদলী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে।

বিধায়কৰ দ্বাৰা পুনৰ এজন চৰকাৰী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ বিষয়টোক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৱশ্যে এই গুৰুতৰ অভিযোগ সন্দৰ্ভত বিধায়ক বসুমতাৰীয়ে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।