26 C
Guwahati
Thursday, May 26, 2022
More

    বঙাইগাঁৱত দৈনিক-সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

    বঙাইগাঁৱত দৈনিক-সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

    ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে নতুন নিৰ্দেশনা জাৰি কৰিছে।

    ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণৰ প্ৰতিহত কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ চহৰ আৰু গাঁৱৰ সকলো দৈনিক আৰু সপ্তাহিক বজাৰ পুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈ খোলা ৰখাৰ কথা ঘোষণা কৰে।

    আনহাতে, বজাৰত ক্ৰেতা আৰু বিক্ৰেতা সকলোৱে ক’ভিড নীতি পালন কৰিব লাগিব বুলিও বঙাইগাঁও জিলা প্ৰশাসনে নিজৰ নিৰ্দেশনাত উল্লেখ কৰে।

    বজাৰলৈ যোৱাৰ সময়ত গ্ৰাহক সকলক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলাৰ বাবেও আহ্বান জনোৱা হৈছে।

    ইপিনে, ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোকসকলকহে ১৫ জানুৱাৰিৰ পাছত বজাৰত প্ৰৱেশ কৰিব দিয়া হ’ব বুলিও নিৰ্দেশনা দিয়া হৈছে।

    জিলা প্ৰশাসনৰ এই নিৰ্দেশনা ভংগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যাৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হয়।

    ইয়াৰোপৰি, জিলাখনত ৰাজহুৱা সভা-সমিতি আদিত ক’ভিড ভেকচিন গ্ৰহণ কৰা ২০০ জন লোককহে উপস্থিত থকাৰ বাবে নিৰ্দেশনাত উল্লেখ কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে।

    আৰু পঢ়ক : পুনৰ ৫ শতাংশৰ ওপৰত গ’ল ক’ভিড পজিটিভিটিৰ হাৰ, কামৰূপ মহানগৰত ৮৭০ গৰাকী আক্ৰান্ত 

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং