23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসমবাসীৰ বাবে দুখবৰ – কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যু

    অসমবাসীৰ বাবে অতিকে দুখবৰ। দৰদী কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যু। কভিডত আক্ৰান্ত হৈ ২১ এপ্ৰিলৰ সন্ধিয়া ৭.০৫ বজাত সেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

    কিছুদিন পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈছিল কণ্ঠশিল্পী গৰাকী। কৰ’ণাত আক্ৰান্ত হৈ কালাপাহাৰ ক’ভিড হস্পাতালৰ ICU ত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী গৰাকী। আজি মেকানিকেল ভেন্টিলেচনত আছিল ভিতালী দাস।

    উল্লেখ্য যে, বিয়লিৰ সময়ত কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হৈছিল। পিছে বিয়লিৰ সেই উৰাবাতৰি তেতিয়াৰ কোনো ভিত্তি নহলেও সন্ধিয়া তাকেই সঁচা কৰি অজশ্ৰ গুণমুগ্ধক কন্দুৱাই অসমৰ সংস্কৃতি জগতৰ এখন অন্যতম আসন খালি কৰি আতৰি যায়।

    আৰু পঢ়ক : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু কৰ্যসূচী বাতিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং