24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ সাংবাদিকক আক্ৰমণ; কংগ্ৰেছী বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰৰ বিৰুদ্ধে এই অভিযোগ

    শুকুৰবাৰে হাটশিঙিমাৰীস্থিত সাংবাদিকৰ এটা সঁজাতি দলে হাটশিঙিমাৰীৰ কঠালবাৰীত উপস্থিত হৈ এটা পথৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত গুণ্ডা ৰূপী ঠিকাদাৰজনে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সঁজাতি দলটোক আক্ৰমণৰ চেষ্টা কৰে

    ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক আক্ৰমণৰ ঘটনা।

    এইবাৰ হাটশিঙিমাৰীত ৰাজপথৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা কৰে মাহমুদ হাছান নামৰ এজন গুণ্ডাৰূপী ঠিকাদাৰে।

    শুকুৰবাৰে হাটশিঙিমাৰীস্থিত সাংবাদিকৰ এটা সঁজাতি দলে হাটশিঙিমাৰীৰ কঠালবাৰীত উপস্থিত হৈ এটা পথৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত গুণ্ডা ৰূপী ঠিকাদাৰজনে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ সঁজাতি দলটোক আক্ৰমণৰ চেষ্টা কৰে।

    উল্লেখ্য যে, নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ কাম কৰাৰ লগতে মাটিয়া তেলৰ লগত পানী মিহলাই নিম্নমানৰ কাম কৰাৰো অভিযোগ উত্থাপন কৰিছে স্হানীয় ৰাইজে।

    ইফালে ঠিকাদাৰজনে নিজৰ দুৰ্নীতিক গাপ দিবলৈ সাংবাদিকৰ ওপৰত ধন বিচৰাৰ মিছা অভিযোগ তোলে যদিও সাংবাদিকৰ সঁজাতি দলটোৱে ধন বিচৰাৰ প্ৰমাণ বিচৰাত গুণ্ডা ৰূপী ঠিকাদাৰ জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

    আনহাতে মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ অতি ঘনিষ্ঠ গুণ্ডা ৰূপী ঠিকাদাৰ মাহমুদ হাছানে
    বাতৰি সংগ্ৰহ কৰা দেখি থৰকাচুটি হেৰুৱাই কেমেৰাৰ সন্মুখতে এনেদৰে অসভ্যালি আচৰণ কৰি সাংবাদিকৰ ওপৰত মিছা অভিযোগ তুলি নিজে বাচি যোৱাৰ চেষ্টা চলায়।

    সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যণীয়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং