
বিগত চাৰিটা দশক নিখুট অভিনয়েৰে নাট্যপ্ৰেমী ৰাইজৰ হৃদয় জিনি অহা ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত্ দাসে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত।
অজস্ৰ গুণমুগ্ধক কন্দুৱাই অভিনেতা দাসে আজি পুৱা ১০.০৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ বিগত কিছুদিনৰ পৰা মেট্ৰ’ হাস্পতালত চিকিত্সাধীন হৈ আছিল বিশিষ্ট অভিনেতাগৰাকী।
উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ বাবে সূৰ্য থিয়েটাৰত চুক্তিবদ্ধ হৈ থকা প্ৰাণজিত্ দাসে যোৱা ৬ জানুৱাৰিত হাটশিঙিমাৰীত নাটক কৰি থকা সময়তে অসুস্থ হৈ মঞ্চত ঢলি পৰিছিল।
ইয়াৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ১২ দিন মৃত্যুৰে যুঁজি অৱশেষত আজি ৰাতিপুৱা জীৱন নাট সামৰিলে অভিনেতা দাসে।
জানিব পৰা মতে, পৰশুনাথৰ প্ৰেয়সী নামৰ নাটখনত অভিনয় কৰি থাকোতেই মঞ্চত ঢলি পৰিছিল অভিনেতাজন।
উল্লেখ্য যে, প্ৰাণজিত্ দাসে ৰাজ্যৰ প্ৰায় সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় আৰু নাট পৰিচালনা কৰাৰ লগতে কেইবাখনো অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জিনিছিল।
এইগৰাকী বলিষ্ঠ অভিনেতাৰ আকস্মিক মৃত্যুত সাংস্কৃতিক জগতৰ বহু লোকে শোকপ্ৰকাশ কৰাৰ লগতে অভিনয় ক্ষেত্ৰখনৰ বাবে এয়া এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।