বিজেপিয়ে ‘বিভাজনৰ লেতেৰা সূত্ৰ’ প্ৰয়োগ কৰা বুলি অভিযোগ তুলি শুকুৰবাৰে লোকসভাৰ সাংসদ তথা এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কয় যে ৰাজ্যৰ পৰা গেৰুৱা দলটোক উৎখাত কৰাৰ স্বাৰ্থত তেওঁৰ দলে কংগ্ৰেছৰ সৈতে যিকোনো ‘ত্যাগ’ কৰিবলৈ প্ৰস্তুত আছে।
বঙালী মূলৰ মুছলমান সম্প্ৰদায়ৰ মাজত ব্যাপক জনপ্ৰিয়তা থকা আজমলৰ এ আই য়ু ডি এফ দলক বিগত কিছু সময়ৰ পৰা বিজেপি দলে সমালচোনা কৰি অহাৰ লগতে দলটোৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসমৰ শত্ৰুৰূপেও আখ্যা দিছে।
এই সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি দলক কঠোৰ সমালোচনা কৰি ধুবুৰীৰ পৰা তিনিবাৰ সাংসদ হোৱা আজমলে দ্যা ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এটা সা৭াতত কয়, ‘হিমন্ত বিশ্ব শৰ্মাৰ এয়া লেতেৰা নীতি। অসমৰ মানুহক বিভাজন কৰাৰ নীতি। তেওঁলোকে প্ৰকৃত সমস্যা আৰু তেওঁলোকৰ কামৰ ওপৰত গুৰুত্ব দিয়া উচিত – কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকে যোৱা পাঁচ বছৰত কোনো ভাল কাম কৰা নাই আৰু সেয়েহে তেওঁলোকে মোৰ নাম লৈ থাকে’।
হিমন্ত বিশ্বই শত্ৰু আখ্যা দিয়া সন্দৰ্ভত আজমলে কয় যে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই কোনোবা এজনক খলনায়ক বনাব আৰু ই অচিনাকি মুখ হ’ব নোৱাৰে। গতিকে তেওঁ বাদৰুদ্দিন আজমলক খলনায়ক বনাইছে।
‘তেওঁ কেৱল মাত্ৰ অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ আশাত এই ধৰণৰ কামবোৰ কৰি আছে। কিন্তু তেওঁ যি কৈ আছে সেয়া সঁচা নহয়- এ আই য়ু ডি এফে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই। আৰু অসমক সাম্প্ৰদায়িক আৰু বিভাজন কৰাৰ যি কূট কৌশল ৰচিছে সেই ক্ষেত্ৰত আমি তেওঁক সফল হ’ব নিদিও’, এইদৰে কয় আজমলে।
কংগ্ৰেছৰ মহাজোঁটবন্ধনত চামিল হোৱা এ আই য়ু ডি এফে আসন ভাগ বতোৱাৰাক লৈ কি স্থিতি গ্ৰহণ কৰিব সেই সন্দৰ্ভতো স্পষ্ট মত প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।
তেওঁ কয়, ‘আসন ভাগ বতোৱাৰা সন্দৰ্ভত নিশ্চয়কৈ আমি ত্যাগ কৰিবলৈ সাজু আছো। এই ত্যাগ কৰিব লাগিব কাৰণ বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাটো এতিয়া আমাৰ প্ৰথম আৰু একমাত্ৰ লক্ষ্য’।
আনহাতে সাক্ষাৎকাৰটোত এই পৰ্যন্ত মহাজোঁটবন্ধনৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী ঠিৰাং হোৱা নাই বুলিও জানিবলৈ দিয়ে বদৰুদ্দিন আজমলে।
আৰু পঢ়ক : ক’ভিড ভেকচিন লোৱাৰ এসপ্তাহৰ পিছতেই মৃত্যু অংগনবাদী কৰ্মীৰ