হুকহুকাই কান্দি উঠিল আমিৰ খান…ৰোমন্থন কৰিলে বহু স্মৃতি, মাকে জানি বুজি কৰিছিল সেই কাম

0
23357

হুকহুকাই কান্দি উঠিল আমিৰ খান…ৰোমন্থন কৰিলে বহু স্মৃতি, মাকে জানি বুজি কৰিছিল সেই কাম।

বলীউডৰ পাৰফেক্টনিষ্ট আমিৰ খানে পুৰণি কথা ৰোমন্থন কৰি কান্দি উঠা দেখা পোৱা যায়। চকুৰ পানী মছি অভিনেতাগৰাকীয়ে কৈ যায় পুৰনি দিনৰ কষ্টৰ কথা।

আমিৰ খানে এক সাক্ষাতত পুৰণি কথা মনত পেলাই কয় যে, শিশু কালত তেওঁৰ বহুত ভুল ধাৰণা আছিল যে তেওঁ এটা অতি ধনী পৰিয়ালৰ আছিল।

মানুহে ভাবিছিল যে যদি তেওঁৰ দেউতাক এজন চলচ্চিত্ৰ প্ৰযোজক হয়, তেন্তে তেওঁৰ আৰ্থিক অৱস্থা অতি ভাল হ’ব, কিন্তু বাস্তৱত তেনে নহয়। দেউতাকে এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ঋণ লৈছিল কিন্তু সেই ছবিখন ৮ বছৰ ধৰি নিৰ্মাণ কৰিব পৰা নাছিল।

সেই ঋণৰ বাবে, আমিৰৰ পৰিয়ালে যথেষ্ট আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। হিউমেনছ অৱ বম্বেক দিয়া এক সাক্ষাৎকাৰত আমিৰে কৈছে যে পৰিয়ালৰ এই মহা সংকটৰ সময়ত তেতিয়া আমিৰৰ বয়স ১০ বছৰ আছিল।

মাতৃয়ে সেই অনাটনৰ সময়ত ইচ্ছাকৃতভাৱে সন্তান সকলক দীঘল পেণ্ট কিনি দিছিল। যাতে সেই কাপোৰ দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

সন্তানে যাতে কোনো ধৰণৰ কষ্ট নাপায় তাৰ বাবে পিতৃয়ে সকলো ধাৰ পৰিশোধ কৰা বুলি জানিব দিছিল, কিন্তু প্ৰকৃততে আছিল তাৰ বিপৰীত হে। দাৰত পোত গৈ থাকিয়ো হাঁহি গৈছিল সন্তানৰ আগত।